আকৌ এবাৰ খিড়িকীখন জাপ খাই গ’ল। বতাহৰ কোৱত পৰ্দাখনে টেবুলৰ কাগজবোৰ কোবাই গৈছে। বাহিৰত অলপ দূৰৈত হৰ্ হৰ্ শব্দ এটা ডাঙৰ হৈ আহিছে। যোৱা দুদিনমানৰ পৰা ঠাণ্ডাৰ প্ৰকোপ কমিছে যদিও এই বতাহজাকে ক’ৰবাত গোট মাৰি ৰোৱা চেঁচা অকণমান কঢ়িয়াই লৈ আহিছে। আৰু কেইচেকেণ্ডমানৰ ভিতৰত বৰষুণ এজাকে ধুই নিব খিড়িকীৰ সিপাৰৰ গছ-বনবোৰ। ভালেই হ’ব। এইকেইদিন ইমান ধূলি হৈছিল যে সদায় চেম্পু কৰি কণ্ডিশ্যনাৰ ব্যৱহাৰ কৰিও চুলিখিনিক সজাব পৰা নগৈছিল। আউলি-বাউলি চুলিবোৰ ফাগুনে জোকাই ভাল পায়।
Dr. Rita Moni Baishya




