20. পূঁজিবাদ(চুটি গল্প) ✍ স্তুতি বন্দনা বৰকাকতী

-এ মাই জৰ দে …জৰ দে এ মাই

সাত মাহ সৰকি কোনোমতে আঠমাহত সোমাওঁতে পেটৰ তলৰ আধা অংশ ওলাই থকা অকণমান শৰীৰটোক সম্পূৰ্ণকৈ উলিয়াই আনিবলৈ লচমী বাইটীয়ে মিনুক বল দিবলৈ চিঞৰি আছে অহৰহ…৷ মিনুৰ গগন ফলা চিঞৰ৷ বিন্দু বিন্দু ঘামৰ কণিকাৰে এনে লাগিছে যেন এইমাত্ৰ এজাক মুষলধাৰ বৰষুণে আহি তাইক জুৰুলি জুপুৰি কৰিলে৷ পৰাজিত যোদ্ধাৰ দৰে অৱস্থা৷ ভাগৰত লেবেজান৷ দুৱাৰ-খিৰিকী বন্ধ কোঠাটোত মাটিত ছটফটাই থকা মিনুৰ সৈতে দৃশ্যটো যুদ্ধক্ষেত্ৰতকৈ কোনো গুণে কম নহয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *