19. বেণু মিশ্ৰৰ এখন ছবি আৰু কিছু প্ৰাসংগিক চিন্তা(প্ৰবন্ধ) ✍ দিগন্ত ৰাগ

বিষণ্ণতাই ব্যক্তিত্বলৈ পৰিৱৰ্তন আনে, বিষাদগ্ৰস্ত ব্যক্তি নিৰ্লিপ্ত হৈ পৰে, তেনে ব্যক্তিৰ উৎসাহ উদ্যম নোহোৱা হয় বুলিও কোৱা হয়৷ কিন্তু বিষণ্ণতাক সমল কৰি লৈ কিছুসংখ্যক যুক্তিবাদীয়ে সমাজ আৰু আদৰ্শৰ প্ৰতি দায়বদ্ধতা স্বীকাৰ কৰে৷ তেনে এজন যুক্তিবাদী চিত্ৰকৰ আছিল বেণু মিশ্ৰ৷ ১২০ ছেণ্টিমিটাৰ দীঘল আৰু ৯০ ছেণ্টিমিটাৰ বহল এখন ছবি; নাম দিছিল ‘ডে’থ’৷ তেওঁৰ ভাৱনাত প্ৰায়ে বিষণ্ণ সুৰ আছিল আৰু তেওঁৰ ছবিসমূহত সেই সুৰ প্ৰতিফলিতও হৈছিল৷ এই ছবিখন অসম আন্দোলনৰ ভৰপক সময়ত আৰু আন্দোলনৰ পটভূমিত অঁকা৷

Leave a Reply

Your email address will not be published. Required fields are marked *