21. জুয়ে পোৰা হৃদয়(চুটি গল্প) ✍ ধূৰ্জ্জটি শঙ্কৰ দাস

নিশা প্ৰায় চাৰে দহটা মান হৈছে। মাজে মাজে কুকুৰৰ ভুক্-ভুকনি আৰু কেতিয়াবা কেতিয়াবা ফেঁচাৰ চিচিয়নিয়ে নিশাৰ  নিস্তব্ধতাত ব্যাঘাত জন্মাইছে। গাঁওখনৰ মানুহখিনি এতিয়া গভীৰ টোপনিত লালকাল। আধুনিকতাৰ পোহৰে ঢুকি নোপোৱা ঘাইপথৰ পৰা প্ৰায় পঁয়ত্ৰিছ কি.মি. নিলগত অৱস্থিত গাঁওখনৰ এয়া এক চিৰ পৰিচিত ছবি। কিন্তু আজি…আজি সমগ্ৰ নিস্তব্ধতা নস্যাত কৰি দপ্-দপ্ কৈ জ্বলি উঠিছে তেঁতেলী জোপাৰ উত্তৰ দিশত থকা এটি জুপুৰী। জুইৰ লেলিহান শিখাই যিদৰে খন্তেক পিছতে পুৰি ছাই কৰিব সমগ্ৰ জুপুৰীটো ঠিক তেনেদৰে পুৰি ছাই হৈছিল ৰাফেৰ জীৱন।

Leave a Reply

Your email address will not be published. Required fields are marked *