ভাৰতৰ জাতীয় জীৱনৰ এক উজ্জ্বল নক্ষত্ৰ হ’ল ৰবীন্দ্ৰনাথ ঠাকুৰ। ১৯১৭ চনত বিশ্ব সাহিত্যৰ সৰ্বোচ্চ সন্মান নোবেল বঁটা প্ৰাপ্তিৰ মাজেৰে তেখেতে ভাৰতীয় সাহিত্যকো বিশ্ব সাহিত্যৰ মৰ্য্যদা প্ৰদান কৰি গৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন দৰ্শনকো তেওঁৰ সাহিত্য চৰ্চাই প্ৰভাৱান্বিত কৰিছে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন-দৰ্শন বুলি ক’লে বিশ্ব-মানৱতাবোধৰ দৰ্শনকেই বুজা যায়। এই জীৱন-দৰ্শনত সোমাই বিশ্বশান্তি, মানবীয় মূল্যবোধ আৰু সমন্বয় চিন্তা। বিশেষকৈ ভাৰতীয় পটভূমিত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সমন্বয় চিন্তাৰ দৰ্শনে তেওঁৰ অনুৰাগীসকলক যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰি আহিছে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ সমন্বয় চিন্তাৰ প্ৰকাশ ঘটিছে তেওঁৰ ৰচনাৱলী আৰু ব্যক্তিগত জীৱন-কৰ্মত।
Dr. Rita Moni Baishya




