স্বতন্ত্ৰতা প্ৰাপ্তিৰ আগত যি কেইগৰাকী লেখকে হিন্দী কথা সাহিত্যত এক নতুন দিশৰ সূচনা কৰিছে সেই সকলৰ ভিতৰত মৈথিলীচৰণ গুপ্ত অন্যতম। মৈথিলীচৰণ গুপ্ত হৈছে দ্বিবেদী যুগৰ এগৰাকী প্ৰখ্যাত কবি। ইয়াৰ লগতে তেওঁ নাটক,অনুবাদ আদি সাহিত্যৰাজিৰে হিন্দী সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ১৮৮৬ চনৰ ৩ আগষ্টত উত্তৰ প্ৰদেশৰ ঝাঁছী জিলাৰ চিৰগাঁৱত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰথিতযশা সাহিত্যিকৰ সৰুৰে পৰাই সাহিত্যৰ প্ৰতি প্ৰবল আকৰ্ষণ আছিল। হিন্দী, সংস্কৃত, বাংলা, মাৰাঠী আৰু ইংৰাজী সাহিত্য তেওঁ অধ্যয়ন কৰিছিল। তেওঁ আজীৱন সাহিত্যৰ উৎকৰ্ষ সাধনত ব্ৰতী হৈছিল। সাহিত্যৰ প্ৰতি নিৰন্তৰ সেৱা আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰে ১৯৫৪ চনত তেওঁক পদ্মভূষণ উপাধিৰে সন্মানিত কৰে।