এই গহন নিজান বাটত
কি বিচাৰি ফুৰিছা সিদ্ধাৰ্থ
এন্ধাৰত উচুপি আছে যশোধৰা
ৰাহুলে খেপিয়াই চাইছে বিচনা
পিতা ক’লৈ গ’ল
ক’লৈ গ’ল পিতা!
বোধিদ্ৰুমৰ তলত
আছেনে নিৰ্বাণৰ সেউজীয়া তোৰণ
বাজেনে
তাত মায়াৰ মৰণগীত
ফুলেনে মোক্ষৰ ফুলনি
কি বিচাৰি ফুৰিছা সিদ্ধাৰ্থ
নিৰ্বাণৰ ছাঁ
নে
মৰানদীৰ পাৰৰ মাটি এটুকুৰা!!