অসমীয়া উপন্যাস সাহিত্যৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে আধুনিক যুগত ৰামায়ণ, মহাভাৰতৰ কাহিনীকলৈ এক শ্ৰেণীৰ ৰসোত্তীৰ্ণ উপন্যাস ৰচিত হৈছে। ৰামায়ণ, মহাভাৰতৰ কাহিনী, চৰিত্ৰ অথবা বিষয়বস্তুৰে ৰচিত এই শ্ৰেণীৰ ৰসোত্তীৰ্ণ উপন্যাস মহাকাব্য আধাৰিত উপন্যাস বুলিব পাৰি। এই শ্ৰেণীৰ উপন্যাসৰ বিষয়বস্তু পুৰণি হ’লেও লিখকে তাত নতুন দৃষ্টিভংগী সংযোগ কৰাৰ থল থাকে। এনে লেখকসকলৰ ভিতৰত ড° মালিনী উল্লেখযোগ্য। অসমীয়া সাহিত্য-জগতৰ এটি পৰিচিত নাম ড° মালিনী। তেওঁৰ প্ৰকৃত নাম ড° নীলিমা শইকীয়া। ড° মালিনী উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিজ্ঞানী। তেওঁ নিৰলসভাৱে দুই দশকতকৈও অধিককাল ৰামায়ণী সাহিত্য চৰ্চাত ব্ৰতী হৈ থকাৰ সমান্তৰালকৈ মহাভাৰত অধ্যয়নৰ লগতো জড়িত থকা পৰিলক্ষিত হৈছে।
উপন্যাসখন মই পঢ়া নাই৷ পৰিনীতা দেৱীৰ লেখাৰ পৰাই মূল উপন্যাসখনৰ বক্তব্য ধৰিব পাৰিছোঁ৷ অৰ্থাৎ লেখাটোত উপন্যাসখনৰ এটা পৰিচয় স্পষ্টকৈ প্ৰকাশ পাইছে৷ কিন্তু আৰম্ভণিতে যিটো যুক্তি দিয়া হৈছে যে পৌৰাণিক কাহিনী আধাৰিত হ’লেও ইয়াত আধুনিক দৃষ্টিভংগীৰে বিষয়বস্তুক তুলি ধৰা হৈছে৷ এই পইন্টটোৰ সমৰ্থনত একো তথ্য নেপালোঁ৷ বৰং কাহিনী বিন্যাসত যুদ্ধ বিগ্ৰহৰ অলাগতিয়াল উপাদানে ভিৰ কৰা বুলি টিপ্পনী দিয়া হৈছে৷ সেইটোৱে চাগে যুক্তিসিদ্ধ কথা৷ চন্দ্ৰ প্ৰসাদ শইকীয়াৰ ‘মহাৰথী’ৰ দৰে কাহিনীক আধুনিক বৃত্তান্তৰ চাপ দিব পৰা নাই৷ সেইফালৰ পৰা পৰিনীতাৰ দৃষ্টিত সঠিক কথা ধৰা পৰিছে
পৰিনীতাক ধন্যবাদ আৰু অভিনন্দন৷
আমি তেওঁৰ পৰা আধুনিক কাহিনী সাহিত্যৰ আলোচনা পঢ়িবলৈ অপেক্ষা কৰিলোঁ৷