ফুল হৈ ফুলিবা যাৰ আগত, তেঁৱে তোমাক আদৰ দেখুৱাই ছিঙি লৈ গুচি যাব আৰু মৰহি গ’লে আৱৰ্জনাৰ লগত ডাষ্টবিনলৈ দলিয়াই পেলাব। ফুলৰ সৌন্দৰ্য্য সদায় নাথাকে মন্দিৰা। যিদৰে মৰহা ফুল এপাহলৈ মায়া বহুত কম মানুহৰহে থাকে। সোঁৱৰণিৰ মালা গাঁথি যি সামৰি ৰাখে বুকুত একোপাহ নিস্তেজ ফুল… এনে মানুহ তুমি কাষত নাপাবা সহজে। ফুল হৈ নুফুলিবা সেয়ে। ফুল হৈ ফুলিলে দুখ পাবা… কেৱল দুখ !