১. কেণাটো
ভাষাৰ ব্যাকৰণ থাকে ৷ নাথাকে মানুহৰ ৷
মানুহৰ থাকে মন ৷
আৰু,
মানুহে মনে যি কয় তাকে কৰে ৷
হয় ৷
ব্যৱস্থা এটা সৃষ্টি হয়, কল্যাণৰ অনুকূলেই ৷
পিছে ব্যৱস্থাটোও চলায় মানুহেই যাৰ এটা মন থাকে ৷
ব্যৱস্থা চলোৱা মানুহ ৷
নিশ্চয়কৈ ডাঙৰ মানুহ ৷