বাৰীৰ কৰ্দৈজোপা এইবাৰ বৰকৈ ফুলিছে।
ৰসাল হোৱাৰ আশাত
বেঙেনাবুলীয়া সময়বোৰেও বাট চাই ৰৈছে এটি সূৰুযমুখী হাঁহিলৈ
কুঁৱলীৰ তোৰণ ভেদী
ন কইনাৰ কপালৰ প্ৰথম ফোঁটটিৰ দৰে সূৰুযৰ তীব্ৰতাও বাঢ়ি আহিছে
আবেগৰ ঘনত্ব কমিলে দেখা পোৱা যাব পোহৰ অহা সঁচা বাট
যি বাটৰ দাঁতিত হাঁহি হৈ ফুলিব
আইভিলতাৰ দৰে মুকুতা প্রবাল
Dr. Rita Moni Baishya




