১. ফাগুন তোলৈ মনত পৰে…
ধূসৰ আকাশ ধূলিয়ৰী পথ,
তোৰ সান্নিধ্যত কেঁচা মাটিৰ লেশ!
স্মৃতিৰ আবেগে কৰিছে আমনি,
সেউজীয়া তই অদূৰত শ্যামলী!!
উন্মনা আছিলো তোৰেই প্ৰেমত,
কিৰিলি পাৰিছিলো তোৰ আবেশত!
খেলিছিলো দুয়ো পলাশৰ পছোৱাত,
আছিলা চঞ্চলা পাৰভঙা যৌৱনা!!