হৃদয় সোনাৰু ফুলেৰে হালি পৰাৰ পৰাই
আছাগীয়ে বাট চাইছে বহুতো ব’হাগ
আছাগীৰ হৃদয়ত বছৰে বছৰে
ফুলে মদাৰ শিমলু কাঞ্চন এজাৰ
বছৰে আহে ধুমুহা বৰদৈচিলা
আছাগীৰ আম মলিওৱা ৰবাব টেঙা ফুলা হৃদয়ত
শিল বৰষুণ- গালত ছানি ধৰে চোম
আছাগীয়ে বই আহিছে বহুতো আৰু নাই
জোনাক নিশা আশাৰ সুতা যোৰা লগাই
বোৱে হৃদয়ৰ এন্ধাৰত মকৰাজালৰ ঘৰ
Dr. Rita Moni Baishya




