দুয়োখন হাতত আলোচনী-কাকতৰ মস্ত’ দ’ম এটা লৈ সি সোঁবাহুৰ হেঁচাৰে লাহে লাহে দুৱাৰখন খুলিলে আৰু খুব সাৱধানে গাড়ীৰ শীতল ডবাটোত প্ৰৱেশ কৰিলে। বাসন্তী উষ্ণতাত ভিজা তাৰ শৰীৰটোত হঠাৎ এক সুগন্ধিত শীতলতাই পাহাৰী নিজৰাৰ দৰে আহ্লাদ তুলিলে। দুৱাৰৰ কাষৰ পৰা অলপ আঁতৰি আহি চীট এটাত আওজি সি তাৰ দেহৰ সমস্ত ভৰ চীটটোলৈ এৰি দিলে। ডবাটোত আগৰে পৰা চেতাৰৰ ঝংকাৰ বাজি আছিল; যাৰ মৃদু মৃদু স্বৰ তাৰ দৰে ভাগৰুৱা এজনৰ মনত গুঞ্জন তুলিবলৈ যথেষ্ট। তাৰ মনলৈ আহিল গাঁৱৰ কনক্টা কাচীৰ অবাক লগা শব্দকেইটা –“দাদা অ’! এইটো ৰে’লৰ ডবা নে কোনোবা সৰগলোক !”