এটা ক’লা।
এটা বগা।
পক্ষ-প্ৰতিপক্ষ। হ’লেও একেখন মজিয়াত সুবিন্যস্ত হৈ থাকে। সুসজ্জিত হৈ থাকে। এটা ক’লা এৰি এটা বগা, এটা বগা এৰি এটা ক’লা। আৰু মাজত ৰঙাটো। প্ৰাণকেন্দ্ৰ। মূল আধাৰ। তাক কেন্দ্ৰ কৰিয়েই বৰ্তি থাকে সকলো ক’লা বগা। তেওঁ যেন পিতৃব্য পুৰুষ। নিৰপেক্ষ। অথচ প্ৰয়োজনত দুয়োৰে পক্ষৰ।
বৰণৰ পাৰ্থক্য থাকিলেও একোখন মজিয়াত সুবিন্যস্ত হৈ থকা বাবেই আপাতত: বিৰাজ কৰে অনিৰ্বচনীয় নান্দনিকতা।