25. ‘কাঁইটত কেতেকী’ এক আলোকপাত(গ্ৰন্থ সমীক্ষা) ✍ সাক্ষী প্ৰিয়ম্বদা

‘কাঁইটত কেতেকী’ হৈছে এখন কিশোৰ উপন্যাস। এই উপন্যাসখনৰ লেখিকা অৰূপা পটঙ্গীয়া কলিতা।

উপন্যাসখনৰ কাহিনীভাগ :

জানমণি নামৰ ল’ৰা এজনে মাক-দেউতাক আৰু বায়েকৰ সৈতে নগৰত বাস কৰিছিল। জানমণি বৰ উৎপতীয়া, চঞ্চল ল’ৰা আছিল। খং উঠিলে সি হাততে যি বস্তু পায় তাকে ভাঙি পেলাইছিল। এদিন সি এটা কুকুৰ পোৱালি পালে। তাৰ নাম ৰাখিলে ভুলু। ভুলুৰ লগত থাকি থাকি তাৰ উৎপাতবোৰ কমি গ’ল। সি আগতে পঢ়াত বেয়া আছিল। কিন্তু ভুলুক পোৱাৰে পৰা জানমণিৰ পঢ়া-শুনা উন্নত হ’ল। জানমণিয়ে ভুলুৰ ছবি আঁকিলে আৰু মনতে  ভুলুৰ বাবেই একান্ত মনে পঢ়ি যাম বুলি প্ৰতিজ্ঞা কৰিলে। লাহে লাহে তাৰ পঢ়াত আৰু অধিক উন্নতি হোৱাৰ লগতে জানমণি ছবি আঁকাতো পাৰ্গত হৈ উঠিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *