এনেকুৱা অনেক কথা থাকে যিবোৰ কেৱল নিজৰ। অন্তৰৰো অন্তৰৰ কিছু যাতনা-ৰিক্ততা-একাকীত্ব কেৱল মাথোঁ নিজেহে উপলব্ধি কৰিব পাৰি। সেই বিশেষ মানসিক অৱস্থা আনৰ আগত তুলি ধৰাটো কঠিন। সংবেদনহীন, অপৰিপক্ব হৃদয় মগজুৰ একাংশই বুজি উঠিব নোৱাৰে বিশেষ কিছুমান মানুহৰ দুচকুৰ কোণৰ বিষাদ অথবা তেওঁলোকে নিজৰ ভিতৰত লৈ ফুৰা যাতনাৰ পৃথিৱীখনক। বিশেষ কিছুমান মানুহক জীৱনে বাৰম্বাৰ প্ৰত্যাহবানৰ মুখামুখি কৰাই। তেওঁলোক হতাশাত ভাগি পৰি বিধ্বস্ত হয়। অথচ জীৱনে তেওঁলোকক পলায়নৰ সুযোগ নিদিয়ে। ভাগি ছিগি জহি খহিও তেওঁলোক হৈ পৰে অধিক দৃঢ়-সাহসী।