সাম্প্ৰতিক যুগৰ কবিসকলৰ ভিতৰত নিৰ্মলপ্ৰভা বৰদলৈ এগৰাকী অন্যতম কবি। ‘বনফৰিঙৰ ৰং’, ‘দিনৰ পিছত দিন’, ‘সমীপেষু’, ‘সুদীৰ্ঘ দিন আৰু ঋতু’ কাব্য পুথিৰে অসমীয়া কাব্যকানন সমৃদ্ধ কৰা বৰদলৈৰ কবিতাত প্ৰতীক, চিত্ৰকল্প আৰু গীতিধৰ্মীতা লক্ষ্য কৰা যায়। লোকসংস্কৃতিবিদ হিচাপে তেওঁৰ কবিতাত লোক-সাংস্কৃতিক সমলৰ প্ৰয়োভৰ আছে। তদুপৰি মানুহৰ মনোজগতক লৈ তেওঁ বহু কবিতা ৰচনা কৰিছে। নাৰীৰ মন-মানসিকতা, যন্ত্ৰণা, ক্ষোভ আদিৰ উন্মুক্ত প্ৰকাশ ঘটিছে তেওঁৰ বহু কবিতাত। ইতিহাস প্ৰসিদ্ধ নাৰী চৰিত্ৰকো বাস্তৱিক মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰাটো তেওঁৰ আন এক পাৰদৰ্শিতা। ‘দ্ৰৌপদী’, ‘গান্ধাৰী’, ‘সীতা’ আদি কবিতাত নাৰীমন আৰু নাৰী মুক্তিৰ প্ৰকাশ চিত্তাকৰ্ষক।
Dr. Rita Moni Baishya




