ঊনবিংশ শতিকাৰ শেষ দশকত অসমীয়া সাহিত্যত উপন্যাসৰ শুভাৰম্ভ ঘটে। ‘অৰুনোদই’ যুগত খ্ৰীষ্টান মিছনেৰী সকলে খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা দুই এটি কাহিনীত উপন্যাসৰ লক্ষণ দেখা গৈছিল যদিও সেইবোৰক প্ৰকৃত অসমীয়া উপন্যাস হিচাপে স্বীকৃতি দিব নোৱাৰি। জন বানিয়াৰৰ Pilgrim’s Progress-ৰ অনুবাদ জাত্ৰিকৰ যাত্ৰা, এ.কে. গাৰ্ণিৰ কামিনীকান্ত, এলোকেশী বেশ্যাৰ বিষয়, শ্ৰীমতী গাৰ্ণিৰ ফুলমণি আৰু কৰুণা আদি উপন্যাসৰ লক্ষণ সম্বলিত কাহিনীসমূহ প্ৰকাশ হৈছিল যদিও এইবোৰ আধুনিক অসমীয়া উপন্যাস নহয়। এই কাহিনীসমূহ যথাৰ্থতে আছিল উপন্যাসৰ গঢ়ত লিখা ৰূপক আখ্যান মাত্ৰ। সেইদৰে, হেমচন্দ্ৰ বৰুৱাৰ বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰীকো প্ৰকৃত অসমীয়া উপন্যাসৰ পৰিৱৰ্তে উপন্যাসৰ লক্ষণাত্মক ৰচনাহে বুলিব পাৰি। অসমীয়া উপন্যাসৰ ঘাই ইতিহাস আৰম্ভ হৈছে 1891 খ্ৰীষ্টাব্দৰ পৰা।