18. নৱকান্ত বৰুৱাৰ ‘ককাদেউতাৰ হাড়’ : এক সমীক্ষাত্মক আলোচনা (প্ৰবন্ধ) ✍ বিষ্ণুৰাত বৰা

অসমীয়া সাহিত্য-জগতৰ অনন্য প্ৰতিভাধৰ কবি, সাহিত্যিক, গীতিকাৰ, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ এখনি উল্লেখযোগ্য উপন্যাস হৈছে ‘ককাদেউতাৰ হাড়’। ভাবগধুৰ কবিতা ৰচনাৰে নৱকান্ত বৰুৱাৰ জীৱন জ্যোতিষ্মান। উল্লেখযোগ্য কথা এয়ে যে কবিতা ৰচনাৰে অসমীয়া জাতিক উদ্বুদ্ধ কৰাৰ সময়তে তেওঁৰ অন্যতম উপন্যাস ‘ককাদেউতাৰ হাড়’ অসমীয়া সাহিত্যৰ ৰসপিপাসুসকলৰ মাজত জনপ্ৰিয় হৈ পৰে। পৰম গৌৰৱৰ কথা যে এইখন উপন্যাসে ১৯৭৫ চনত ‘সাহিত্য অকাডেমিৰ বঁটা’ লাভ কৰিবলৈ সক্ষম হয়। নৱকান্ত বৰুৱাৰ ‘পলস’ নামৰ কবিতাৰ সম্প্ৰসাৰণেই এই উপন্যাসৰ সৃষ্টি।

Leave a Reply

Your email address will not be published. Required fields are marked *