22. শেৱালি ফুলৰ দৰে(অণুগল্প) ✍ গীতা বৰ্মন

পদুলিমুখৰ শেৱালিজোপা ফুলিলে তাইৰ নিজকে মেঘ আতৰি যোৱা আকাশখনৰ দৰে লাগে। প্ৰিয়গীতৰ কলি এটিয়ে গুণগুণাই থাকে চৌপাশ। আজলী শেৱালীৰ সতে তাইৰ আজন্ম আত্মীয়তা। আজি কিছুদিনধৰি দুটা ভাল লগা কথাৰ মাজত তাইৰ এচেৰেঙা ৰ’দৰ অনুভৱ। কানিমুনি সন্ধিয়া শেৱালিজোপাৰ সতে নিবিড় আলাপ আৰু কিছু দুৰৈৰ নৈ পৰীয়া পথাৰখনৰ পৰা ভাহি অহা কোনোবা অনামী শিল্পীৰ বাঁহীৰ সুৰৰ মুৰ্চনা। নদী হৈ বৈ অহা সুৰবোৰে তাইৰ বুকুত গাঁত খান্দি ৰৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *